লংকাৰ কাকীত পথ মেৰামতিত নামিল স্থানীয় যুৱক: ছয়জন যুৱকে গাঁঠিৰ ধন ভাঙি বনালে পথ

 06/19/2019 - 19:50

লংকা: পৰিবৰ্তনৰ দোহাই দি ৰাজ্যখনৰ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰে আচলতে পৰিবৰ্তনৰ নামত কি কৰিছে৷ হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকীৰ বিধ্বস্ত পথে এতিয়া জ্বলাকলা খুৱাইছে ৰাইজক৷ পথৰ ওপৰত পুখুৰী নে, পুখুৰীৰ ওপৰত পথ ধৰিব নোৱাৰা অৱস্থা হৈছে এতিয়া পথটোত৷ দীৰ্ঘদিন ধৰি দুই নং কাকীৰ পৰা লংকালৈ যাতায়ত কৰা মুঠ আঠ কিলোমিটাৰ পথৰ ভিতৰত দুই কিলোমিটাৰ পথৰ অৱস্থা শোচনীয়৷ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক কৈ কৈ ভাগৰি পৰিল ৰাইজ৷

পথটোৰ পথচাৰীসকলৰ দুৰৱস্থা সহ্য কৰিব নোৱাৰি দুই নং কাকী চাৰিআলিৰ ছয়জন সমাজ দৰদী লোক নামি পৰিল পথ মেৰামতিত৷ নিজৰ উপাৰ্জিত ধন খৰচ কৰি এই ছয় যুৱকে জেচিপি ভাৰা কৰি নামি পৰিল পথ মেৰামতিত৷ পথটোৰ বৃহৎ আকাৰৰ গাতসমূহত বল্ডাৰ দি পথটোৰ যাতায়ৰ ব্যৱস্থা কৰিছে এই ছয় যুৱকে৷ এতিয়া প্ৰশ্ন হয় এইয়াই নেকি বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ নমুনা৷ অসম চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগ তথা স্থানীয় বিধায়ক শিবু মিশ্ৰ বৰ্তমান গভীৰ নিদ্ৰাত নেকি?

যদি ৰাইজেই গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে ৰাইজে আকৌ কিয় উন্নয়ৰ বাবে প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোট দিব লগা হয়, কিয় দিব লাগা হয় ৰাজহ বুলি মন্তব্য কৰি ক্ষোভ উজাৰে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।