ঘগ্ৰাপাৰত চৰকাৰী শিক্ষানুষ্ঠানৰ ৭১১গৰাকী ছাত্র-ছাত্রীক কিতাপ বিতৰণ বিধায়ক অশোক শৰ্মাৰ

 06/19/2019 - 20:08

ঘগ্ৰাপাৰ: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘগ্ৰাপাৰ অঞ্চলৰ ১৬খন হাইস্কুলৰ দশম শ্ৰেণীত অধ‍্যয়ন কৰা চৰকাৰী শিক্ষানুষ্ঠানৰ ৭১১গৰাকী শিক্ষাৰ্থীক নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই নিজৰ দৰমহাৰ ধনেৰে পূৰ্বৰ দৰে আজিও ঘগ্ৰাপাৰ হৰি মন্দিৰত আজি কিতাপ (ছাজেইচন) একোখনকৈ বিতৰণ কৰে। আজি দুপৰীয়া বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে শিক্ষক দীপক শৰ্মাই। সভাৰ কিতাপ বিতৰণ অনুষ্ঠানত বিধায়ক অশোক শৰ্মাই ভাষণত কয় যে সমষ্টিৰ চৰকাৰী শিক্ষানুষ্ঠাসমূহৰ দশম শ্ৰেণীৰ বিদ্যাৰ্থীসকলৰ অধ্যয়নৰ সুবিধাৰ্থে তেওঁৰ দৰমহাৰ ধনৰে একেবাহে তৃতীয় বছৰতো একোখনকৈ ছাজেইচন বিতৰণ কৰি ছাত্র-ছাত্ৰীক উৎসাহিত কৰি তোলে।

বিধায়ক শৰ্মাই লগতে কয় পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমানৰ বিজেপি চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ কথা সদৰী কৰি এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰাৰ বাবে বিধায়কগৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানটিত সমল ব‍্যক্তি (চিআৰচিচি) সুভাষ বৰ্মন, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ইব্ৰাহীম আলীকে ধৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিভিন্নখন হাইস্কুলৰ প্ৰধান শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক বিজেপি নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে বিধায়ক অশোক শৰ্মাৰ এনে পদক্ষেপক অঞ্চলটোৰ শৈক্ষিক মহলে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।