ঘগ্ৰাপাৰ: অসমীয়া লোক সংগীতৰ জগতখনৰ সৈতে ওত:প্ৰোতভাৱে জড়িত থকা এজন নিভাঁজ শিল্পী পৰমানন্দ দাস। ১৯৪৭ চনত জন্মগ্ৰহণ কৰা নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ নলবাৰীৰ ক্ষুদ্র চেনীকুছি গাঁৱৰ প্ৰয়াত ৰঙোৰাম দাস আৰু লয়নপ্ৰিয় দাসৰ কনিষ্ঠ পুত্ৰ পৰামনন্দ দাসে শিশুকালৰে পৰা লাভ কৰিছিল বাঁহীৰ বিদ্যা। ইয়াৰ পিছত তেওঁ প্ৰণালীবদ্ধ জ্ঞানৰ বাবে বাঁহীবাদক অক্ষয় তালুকদাৰ আৰু পাছলৈ পৰেশ মিশ্ৰৰ ওচৰলৈ গৈ বাঁহী বাদনৰ প্ৰশিক্ষণ লয়। মেট্ৰিকৰ দেওনা পাৰ হোৱা দাসে ১৯৬৭ চনতে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্রৰ পৰা শিল্পীৰ স্বীকৃতি লাভ কৰে। সেই সময়ৰ পৰা তেওঁ আজি পৰ্যন্ত গুৱাহাটীৰ অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰ, বিভিন্ন মঞ্চ, কেইবাখনো অডিঅ' কেছেটত বাঁহী সংগত কৰি আহিছে।
লোকগীতৰো শিল্পী হিচাপে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী পৰমানন্দ দাসে অসম চৰকাৰৰ অধীনত দিল্লী, মুম্বাই, কলকাতা আদিৰ লগতে অসমৰ বিভিন্ন স্থানত তেওঁ অনুষ্ঠান কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে তেওঁ অসমৰ জনপ্ৰিয় শিল্পী ৰুদ্ৰ বৰুৱা, লক্ষহীৰা দাস, নৰেন দাস আদিৰ সৈতে একেলগে বাঁহী সংগত কৰি তেওঁ নিজস্ব প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে। লগতে তেওঁ স্বনামধন্য নাট্যকাৰ প্ৰয়াত ভৱেন বৰুৱাৰ তিনিখন নাটকতো বাঁহী সংগত কৰিছিল। চৰকাৰীভাৱে বিশেষ একো নাপালেও তেওঁক বিগত দিনত সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভাকে ধৰি প্ৰায় ৪০টা অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইফালে সমন্বয় মঞ্চ নামৰ বেচৰকাৰী অনুষ্ঠানটোৱে ২০১৪ চনত সমন্বয় বঁটা প্ৰদান কৰাৰ লগতে পূৱ নলবাৰী সাংস্কৃতিক পৰিষদে ২০১৭ চনত ৰাজহুৱা সম্বৰ্ধনা জনায়।
বাঁহী বজাই, অথবা লোকগীত গাই পোৱা সামান্য ধনেৰে তেওঁৰ পৰিয়াল চলা টান হৈ পৰিছে। ইফালে ধনৰ অভাৱত থকা জুপুৰিটো জহি-খহি যোৱা উপক্ৰম হৈছে যদিও চৰকাৰীভাৱে গৃহটো দূৰৰ কথা অন্য আঁচনিয়েও তেওঁক ঢুকি পোৱা নাই। নিভাঁজ শিল্পীগৰাকীয়ে ইয়াৰ মাজতে বিভিন্নজনৰ সহায়েৰে এখন লোকগীতৰ পুথিও প্ৰকাশ কৰি উলিয়াইছে। শিল্পী দাসে বিগত দিনত শিল্পী পেঞ্চনৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিও সুফল পোৱা নাই। আজি পৰ্যন্ত চৰকাৰী পক্ষ তথা জনপ্ৰতিনিধিয়ে নিভাঁজ শিল্পী দাসৰ নামটো বিবেচনা কৰা নাই শিল্পী পেঞ্চনৰ বাবে। বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনেও বুজিবলৈ চেষ্টা কৰা নাই বাঁহী শিল্পী পৰমানন্দ দাসৰ কৰুণ বিননি।
সেয়েহে পূৱ নলবাৰী অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে সদৌ নলবাৰী জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নলবাৰী জিলা সমিতি, অসম সাহিত্য সভা, নলবাৰী জিলা সমিতি, ঘগ্ৰাপাৰ প্ৰেছ ক্লাব, পূৱ-নলবাৰী সাংস্কৃতিক পৰিষদ, সমন্বয় মঞ্চ (ঘগ্ৰাপাৰ), ঘগ্ৰাপাৰ আছু, যুৱ ছাত্ৰ পৰিষদ, হিন্দু জাগৰন মঞ্চ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি আদিয়ে শিল্পী পৰমানন্দ দাসক শিল্পী পেঞ্চন দিয়াৰ বাবে অসম চৰকাৰক দাবী জনাইছে। পিছে এইক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ লয় সেইয়া হ'ব লক্ষ্যণীয়। শিল্পী দাসে জীৱনৰ ৬৫ টা বসন্ত অতিক্ৰম কৰিও শিল্পী পেঞ্চনৰ বাবে অধিক আগ্ৰহেৰে বাট চাই ৰৈ আছে।