কাকপথাৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ

 06/19/2019 - 20:57

কাকপথাৰ: তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তী কাকপথাৰ ওপৰ-ওবন গাঁৱত বিলুপ্তপ্ৰায় দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰা হৈছে৷ কাকপথাৰৰ অগ্ৰণী সামাজিক অনুষ্ঠান অভিৰুচী ক্লাৱৰ সদস্যসকলে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো৷ জানিব পৰা মতে বান্দৰটো ক্লাবটোৰ কৃষি সম্পাদক নিপনজ্যোতি সন্দিকৈয়ে তেওঁৰ ঘৰৰ পাছফালে কোনো লোকে হত্যা কৰি ভক্ষণ কৰাৰ মানসেৰে ধৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াৰ লগতে অভিৰুচী ক্লাৱৰ অন্য সদস্যসকলক খবৰ দিয়ে৷

অভিৰুচী ক্লাৱৰ বিষয়ববীয়া সহিতে অন্য সদস্যসকলৰ তৎপৰতাত দুষ্প্ৰাপ্য বান্দৰটো উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে৷ ক্লাৱৰ সদস্যসকলে সংবাদ মাধ্যমৰ লগতে বন বিভাগৰ লোকক লাজুকী বান্দৰটো উদ্ধাৰৰ কথা অবগত কৰে আৰু বন বিভাগক গতাই দিয়ে৷ কাকপথাৰ আঞ্চলিক বন বিষয়া বিৰাজ বৰ্মনে জানিবলৈ দিয়া মতে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো কাকপথাৰৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলত মুক্ত বিচৰণৰ বাবে এৰি দিয়াৰ কথা জানিবলৈ দিয়ে৷

লগতে তেওঁ জানিবলৈ দিয়ে যে বান্দৰৰ মুঠ ৭ বিধ মান প্ৰজাতিৰ ভিতৰত লাজুকী বান্দৰ অন্যতম বিলুপ্তপ্ৰায় প্ৰজাতি৷ গতিকে এনেধৰণৰ দুষ্প্ৰাপ্য যিকোনো জীৱ জন্তুক বন বিভাগৰ যোগেদিয়েই হওক নতুবা প্ৰকৃতিপ্ৰেমী সংগঠনৰ জৰিয়তে হত্যা নকৰি বনাঞ্চলত মুকলি কৰি দিবলৈ আহ্বান জনায়৷ অভিৰুচী ক্লাৱৰ উপদেষ্টা মানসপ্ৰতীম দত্তইয়ো সংবাদ মাধ্যমৰ জৰিয়তে এনেধৰনৰ জীৱ জন্তুক হত্যা নকৰি সংৰক্ষণৰ বাবে বন বিভাগক গতাই দিবলৈ পৰামৰ্শ আগবঢ়ায়৷

অভিৰুচী ক্লাবৰ এনে আদৰণীয় আৰু প্ৰশংসনীয় কাৰ্যক শলাগিছে প্ৰকৃতিপ্ৰেমী ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।