সোৱণশিৰি নৈত অবৈধ শিল-বালি খননৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ চৰজমিন তদন্ত

 06/19/2019 - 20:59

গোগামুখঃ সোৱণশিৰি নদীত এতিয়া অবৈধভাৱে শিল আৰু বালি খান্দি ব্যৱসায়ৰ মুনাফা আদায় কৰিছে অসাধু মাফিয়াই। দীৰ্ঘদিন ধৰি সোৱণশিৰিৰ বুকুত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে তিনিটা মহলত চলিছে অবৈধ খনন। তদুপৰি সোৱণশিৰিৰ গভীৰলৈ খান্দি লুণ্ঠনৰাজ চলাইছে একাংশ দুষ্টচক্ৰই। এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ।

আনহাতে ফৰেষ্ট ৰিজাৰ্ভ এলেকাত কোনো ধৰনৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে দম দম শিল আৰু বালি জমা কৰা পৰিলক্ষিত হৈছে সোৱণশিৰি নৈৰ পাৰত। সোৱণশিৰি নৈৰ পৰা নাতি দূৰৈত থকা ডিৰপাই উপ বন সংমণ্ডলৰ চকুৰ আগতে চলাইছে অবাধ খনন কাৰ্য। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে এই সন্দৰ্ভত সোৱণশিৰিৰ পাৰত চৰজমিন তদন্ত কৰি দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।

ইপিনে চৰকাৰক হাজাৰ হাজাৰ কোটি টকাৰ ৰাজহ কৰ ফাঁকি দি মানিকা মহল, টামুলি মহল আৰু সোনাপুৰ মহলে অবাধ লুণ্ঠনৰাজ চলাইছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে এই অবৈধ শিল-বালি খননৰ লগত জড়িত থকা ডিৰপাই উপ সংমণ্ডলৰ আঞ্চলিক বনবিষয়া মহানন্দ বৰ্মনক ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই বৰ্খাস্ত কৰিছে। এই সন্দৰ্ভত বুধবাৰে ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ লগতে বিষয়টো তৎকালিনভাৱে তদন্ত কৰি অবৈধ খনন চলোৱা শিল-বালি মাফিয়াক শাস্তি প্ৰদানৰ দাবীত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।