লামডিঙত লালিগুড় নিষিদ্ধৰ বিৰুদ্ধে কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ

 03/15/2019 - 15:52

নীলবাগানঃ ৰাজ্যত গুড় ব্যৱসায় বন্ধ হোৱাৰ পথত। যাৰ বাবে কুঁহিয়াৰ খেতিয়কসকলৰ জীৱনলৈ নামি আহিছে চৰম অমানিশা। গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ পাছত ৰাজ্যত নিষিদ্ধ কৰা হৈছিল লালিগুড়। এই সুৰা ট্ৰেজেডীৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই ছীল কৰিছিল বহুকেইটা লালিগুড়ৰ গুদাম। লালিগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে কুঁহিয়াৰ আৰু গুড়ৰ ব্যৱসায়ীসকল।

উলুৰ লগত বগৰী পোৰাৰ দৰে গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ পিছতেই কুঁহিয়াৰ আৰু গুড় ব্যৱসায়ীসকলৰ জীৱনলৈ আহি পৰিছে চৰম অনিশ্চয়তা। যাৰ বাবে লামডিঙৰ দৰে এখন দুৰ্গম পাৰ্বত্য অঞ্চলত এতিয়া কুঁহিয়াৰ খেতিয়কসকল প্ৰতিবাদত নামিবলৈ বাধ্য হৈ পৰিছে৷ লামডিংখন পাহাৰীয়া অঞ্চল হোৱাৰ হেতুকে পানীৰ সমস্যাত ইয়াৰ কৃষকসকল বছৰ বছৰ ধৰি জৰ্জৰিত হৈ আহিছে।

পানীৰ অভাৱত ধান খেতি বা অন্যান্য খেতি কৰাৰ সুবিধা নথকাৰ বাবেই লামডিঙৰ এইসকল খেতিয়কে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি গুড় উৎপাদনেৰে ব্যৱসায় কৰি নিজৰ জীৱিকা অৰ্জন কৰি আহিছে। কিন্তু এতিয়া তেওঁলোকৰ জীৱিকাত অসম চৰকাৰ হেঙাৰ হৈ পৰাৰ অভিযোগ উঠিছে। যাৰ বাবে কৃষকসকলে গুড়ৰ ব্যৱসায়েৰে স্বচ্ছল জীৱন যাপন কৰাৰ পৰিবৰ্তে এতিয়া বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছে।

উপায়ন্তৰ হৈ এই সকল কৃষকে শুকুৰবাৰে পুৱা লামডিং চহৰৰ মাজ মজিয়াতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়। তেওঁলোকৰ দাবী চৰকাৰ আৰু প্ৰশাসনে লামডিঙত উৎপাদিত গুড় পৰীক্ষা কৰক। তাৰ পিছত নিৰ্ধাৰণ কৰক এই গুড় ক্ষতিকাৰক বুলি। এই গুড় খাই কোনো লোক মৃত্যুমুখত পৰা বুলি প্ৰমাণ কৰিবলৈ চৰকাৰক দাবী জনায় কৃষকসকলে।

ভেজাল আৰু ক্ষতিকাৰক গুড়ৰ পৰিৱৰ্তে অসম চৰকাৰে সকলো লালিগুড় বজাৰত নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে লামডিঙৰ কৃষকসকল। কৃষকসকলে ক্ষোভ উজাৰি কয় যে যিহেতু লামডিং তথা লামডিঙৰ দাঁতি কাষৰীয়া বহু অঞ্চলত পানীৰ অভাৱ, সেয়েহে লামডিঙৰ কুঁহিয়াৰসমূহ পেৰি-পগাই উৎপাদন কৰা প্ৰায়খিনি গুড়েই ক'লা বৰণৰ হৈ পৰে। ফলত এতিয়া গুড় ব্যৱসায়ীসকলে কৃষকৰ পৰা গুড় কিনিবলৈ অমান্তি হৈছে।

কৃষকসকলে বহু কষ্টৰে কুঁহিয়াৰ খেতিৰে প্ৰতিবছৰৰ দৰে এইবছৰো গুড়সমূহ প্ৰস্তুত কৰি মজুত কৰিছে যদিও এতিয়া বজাৰত এইবোৰ মূল্যহীন হৈ পৰাত ঘৰতেই পেলনীয়া সামগ্ৰীৰ দৰে হৈ পৰিছে বৃহৎ সংখ্যক গুড়। পেটে ভাতে জীয়াই থকা কৃষকসকলে আৰ্থিক দুৰৱস্থাত ভুগিবলগীয়া হোৱাত এতিয়া লামডিঙৰ ক্ষোভিত কৃষকসকলে চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷

তেওঁলোকে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি কয় যে চুলাই সেৱন কৰি অসমত যদি ৩০০ লোকৰ মৃত্যু হৈছে তেনেহ'লে আগন্তুক দিনত ৰাজ্যত পেটৰ তাড়নাত হাজাৰ হাজাৰ কুঁহিয়াৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা কৃষকে মৃত্যুবৰণ কৰিব লাগিব বুলি ব্যক্ত কৰি দি অনতিপলমে লালিগুড়ৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাই কৃষক তথা গুড় ব্যৱসায়ীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।