বিশ্বকাপৰ বা-বতৰা

 06/20/2019 - 13:19

ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপ ২০১৯ত ২৫ সংখ্যক মেচত বুধবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে নিউজিলেণ্ডে। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৪৯ অভাৰত ৬টা উইকেট হেৰুৱাই ২৪১ ৰান কৰে।

৪৮.৩ অভাৰত ৬টা উইকেট হেৰুৱাই ২৪৫ ৰান সংগ্ৰহ কৰি জয়ী হয় নিউজিলেণ্ড। নিউজিলেণ্ডৰ অধিনায়ক কেনি উইলিয়ামছনে ১৩৮ টা বলত ১০৬ ৰান সংগ্ৰহ কৰি মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে।

আজি ক্ৰিকেট বিশ্বকাপৰ ২৬ সংখ্যক মেচ হ’ব বিয়লি ৩ বজাৰ পৰা ট্ৰেণ্ট ব্ৰীজ, নটিংহামত অষ্ট্ৰলিয়া আৰু বাংলাদেশৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।