কিয় ভাইৰেল হৈছে বিশ্বৰ সবাতোকৈ চাপৰ যুৱতীগৰাকী

 06/20/2019 - 17:20

ডিজিটেল ডেস্কঃ ২১ জুন বিশ্ব যোগ দিৱস। ভাৰতবৰ্ষত এই দিৱসটো পালন কৰিবলৈ তীব্ৰ গতিত চলি আছে যো জা। শাৰিৰিক, মানসিকভাৱে মানুহক সুস্থ-সবল কৰি ৰাখিবলৈ যোগ এক উৎকৃষ্ট পন্থা।

শেহতীয়াকৈ নাগপুৰৰ এক যোগ অনুশীলনস্থলীৰ এটা ভিডিঅ ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে।

২১ জুনৰ যোগ দিৱসৰ বাবে নাগপুৰৰ এই অনুশীলনস্থলীত যোগ ব্যায়ামত ব্যস্ত হৈ আছে বিশ্বৰ সবাতোকৈ চাপৰ যুৱতীগৰাকী। তেওঁৰ নাম জ্যোতি আমগে।

জ্যোতিৰ শৰীৰৰ উচ্চতা মাত্ৰ ৬৩ ছেন্টিমিটাৰ। ৫ কেজি ওজনৰ জ্যোতিয়ে বৃহস্পতিবাৰে পুৱাই কিছু শিশুৰ সৈতে যোগ ব্যায়ামৰ অনুশীলন কৰা দেখা গ’ল। জ্যোতিক দেখি বহুতেই উৎসাহী হৈ যোগ ব্যায়ামত নামি পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।