পলাশবাৰীঃ পলাশবাৰী সমষ্টিৰ সাপৰটাৰী গাঁও পঞ্চায়তৰ সচিব অমল শৰ্মা আৰু ৰামপুৰ খণ্ড উন্নয়ন বিষয়া প্ৰবীণ চন্দ্ৰ শইকীয়াৰৰ বিৰুদ্ধে দুৰ্নীতি অনিয়মৰ অভিযোগ। সাপৰটাৰী সাতঘৰীয়াপাৰাত শতাধিক পুৰুষ মহিলাই গড়কাপ্তানী পথ বন্ধ কৰি একত্ৰিত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ৷ ৰামপুৰৰ বি ডি অ' মূৰ্দাবাদ, সাপৰটাৰী জি পি চেক্ৰেটাৰী মূৰ্দাবাদ, টকা লৈ প্ৰধানমন্ত্ৰী আৱাসগৃহ আবণ্টন দিয়া নচলিব আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰে অঞ্চলটোৰ পৰিৱেশ।
প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ চাৰ্ভে দুটা ৱাৰ্ডত ৰৈ যোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ দুখীয়া তথা সৰ্বসাধাৰণ ৰাইজ৷ চৰাঞ্চলৰ লোক সকলৰ পৰা প্ৰতিটো ঘৰ দিয়াৰ নামত দালালৰ জৰিয়তে সচিবগৰাকীয়ে ৫ ৰ পৰা ১০ হেজাৰ টকা পৰ্যন্ত উৎকোচ লৈ ঘৰ আৱণ্টন দিয়াৰ ব্যৱস্থা কৰিছে৷ আনকি চৰাঞ্চলত বাস কৰা একাংশ বেদখলকাৰী আৰু মাটিৰ পট্টা নোহোৱা লোককো ঘৰ আবণ্টন দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। প্ৰতিবাদকাৰীসকলে পঞ্চায়তখনৰ সচিব গৰাকীৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে৷
সচিব গৰাকীয়ে বহু চৰকাৰী আঁচনি ৰূপায়ণ নকৰাকৈয়ে ধন আত্মসাত কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাসগৃহ আবণ্টনৰ নামত একাংশ দালালৰ জৰিয়তে কমিচন আদায় কৰাৰ অভিযোগ ৰাইজৰ। আনহাতে খণ্ড উন্নয়ন বিষয়াগৰাকীয়েও ৪ আৰ ৫ নং ৱাৰ্ডৰ সলনি চৰাঞ্চলৰত পৰা ৱাৰ্ড সমূহলৈকেহে বেছি গুৰুত্ব দিয়ে বুলিও প্ৰতিবাদী লোকসকলে অভিযোগ কৰে ৷ কাৰণ চৰাঞ্চলত কাম কৰিলে কমিচন পোৱাৰ বাবেই খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত সচিব গৰাকীয়ে অধিক গুৰুত্ব প্ৰদান কৰিছে। পৰৱৰ্তী সময়ত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ক্ষোভিত লোক সকলে সংশ্লিষ্ট পক্ষক তীব্ৰ সকীয়নি দিয়ে৷