ভাৰতৰ উপৰি বিদেশতো 'ভাৰত’ৰ খলকনি

 06/20/2019 - 18:50

ডিজিটেল ডেস্কঃ প্ৰতিবছৰে ঈদৰ দিনা ছলমান খানে এখন ছবি মুক্তি দিয়ে। আৰু প্ৰতিখন ছবিয়ে লাভ কৰে সমাদৰ আৰু জনপ্ৰিয়তা। প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ছবিগৃহত মুক্তি পালে এখন বিশেষ ছবি। ঈদৰ দিনাই ছবিগৃহত ছলমানৰ ছবি ভাৰত মুক্তি পালে আৰু ভাৰত আগবাঢ়িছে ছুপাৰ ডুপাৰ হিট ছবিৰ তালিকাত নামদখলৰ দিশে।

মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিলে প্ৰায় ৪৩কোটি টকা। ১৯ জুনলৈকে এই ছবিখনে উপাৰ্জন কৰিছে ২৯০ কোটি টকা। হিন্দী ছবি ভাৰতত ছলমান খান, কেট্ৰীণাৰ জবৰদস্ত অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ বাবেই মুক্তিৰ ১৫ দিনৰ পিছতো ছবিঘৰত আছে দৰ্শকৰ লানি। বিদেশৰ পৰাও ছবিখনে উপাৰ্জন কৰিছে ৬৬ কোটি টকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।