06/20/2019 - 20:10
in
দুধনৈঃ সমগ্ৰ অসমত আজি উদযাপিত হৈছে বিষ্ণু ৰাভা দিৱস। দুধনৈতো 'সাহিত্য চৰ্চা কেন্দ্ৰ,অসম’ৰ উদ্যোগত আৰু ডঃ পৰিতোষ চক্ৰৱৰ্তী, ডঃ ভৱেশ দাস, মুকুল ৰাভা আৰু বিনয় চলিহাৰ প্ৰচেষ্টাত বিভিন্ন কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।
'সাহিত্য চৰ্চা কেন্দ্ৰ,অসম’-এ চলিত বৰ্ষৰ পৰা অসমৰ স্বনামধন্য শিল্পী,লেখক ৰাজেন পামৰ সোঁৱৰণত অসমৰ এগৰাকীকৈ শিল্পীক 'ৰাজেন পাম শিল্পী বঁটা’ প্ৰদান কৰাৰ কথা স্থিৰ কৰে।
সেই অনুসৰি ২০১৯ বৰ্ষৰ 'ৰাজেন পাম শিল্পী বঁটা’ আগবঢ়োৱা হৈছে গোৱালপাৰাৰ সুকণ্ঠী গায়িকা ডঃ ৰানু দাস বৈশ্যলৈ। সমৰ হাজৰিকাই 'ৰাজেন পাম শিল্পী বঁটা’ প্ৰদান কৰে ডঃ ৰানু বৈশ্যক।
ডঃ উৎপল নাথ আৰু নজৰুল ইছলামৰ দ্বৈত কণ্ঠৰ কবিতা আবৃত্তি আছিল আজিৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। অনুষ্ঠানটিত জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷