নিউজিলেণ্ডৰ মছজিদত ধাৰাসাৰ গুলীবৰ্ষণঃ কথমপি প্ৰাণ ৰক্ষা বাংলাদেশী ক্ৰিকেট দলৰ

 03/15/2019 - 15:58

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চ চহৰত বৈছে তেজৰ নৈ। চহৰখনৰ এটা মছজিদত শুকুৰবৰীয়া নামাজৰ সময়ত অজ্ঞাত বন্দুকধাৰীয়ে যধে-মধে গুলীচালনা কৰাত চহৰখনত বিয়পিছে তীব্ৰ আতংক।

এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুৱাইছে ৩০ জনতকৈও অধিক লোকে আৰু গুৰুতৰ ভাৱে আহত হৈছে প্ৰায় ৪৮ জন লোক। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুজন আততায়ীয়ে মছজিদটোৰ দুই স্থানত গুলীচালনা কৰে আৰু তেওঁলোকে ভক্তসকলক ভাবুকি দিয়ে যে নিউজিলেণ্ডৰ কোনো মছজিদতে যাতে তেওঁলোকে প্ৰৱেশ নকৰে৷

গুলীচালনাৰ সময়ত মছজিদটোত বাংলাদেশৰ ক্ৰিকেট দলটো নামাজৰ বাবে তাত উপস্থিত হৈছিল যদিও সৌভাগ্যক্ৰমে কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে দলটো ৷ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিণ্ডা আৰ্ডেৰ্ণে এই ঘটনাৰ পাছতে ইয়াক দেশখনৰ বাবে এক ক’লা দিন বুলি অভিহিত কৰিছে৷

আৰক্ষীৰ দলে সক্ৰিয় হৈ থকা আততায়ীক ধৰিবলৈ ইতিমধ্যে সমগ্ৰ চহৰখনত অভিযান আৰম্ভ কৰিছে৷ এই অভিযানত আৰক্ষীয়ে ইতিমধ্যে ৪জন আক্ৰমণকাৰীক আটক কৰিছে, তাৰে ভিতৰত এগৰাকী আক্ৰমণকাৰী মহিলা। ঘচনাটোৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী তুলিছে নিউজিলেণ্ডবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.