06/20/2019 - 20:33
in
হাটশিঙিমাৰীঃ অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া পহৰাৰ মাজতো একাংশ অবৈধ চোৰাং গৰুৰ বেপাৰীয়ে অব্যাহত ৰাখিছে বাংলাদেশৰ লগত চোৰাং গৰুৰ ৰমৰমীয়া বেহা।
উল্লেখ্য যে যোৱানিশা মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাং গৰু বাংলাদেশলৈ পাৰ কৰাৰ চেষ্টা চলোৱা সময়তে এক গোপন সূত্ৰৰ পম খেদি মানকাচৰ থানাৰ আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে তিনিটা গৰুসহ, এজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে আটকাধীন চোৰাং গৰু সৰবৰাহকাৰীজন মানকাচৰ আৰাটেৰ গাঁৱৰ বাসিন্দা মনোৱাৰ হুছেইনৰ পুতেক ফুল মিঞা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি চোৰাং গৰু বাংলাদেশলৈ পাৰ কৰাৰ চেষ্টা চলোৱা একাংশ গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযান অব্যাহত আছে।