হোজাইৰ বিধায়ক শিলাদিত্য দেৱলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

 06/20/2019 - 20:34

হোজাইঃ হোজাইৰ বিধায়ক শিলাদিত্য দেৱলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে কৰিমগঞ্জ আদালতে। বিধায়কগৰাকীয়ে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত কৰিমগঞ্জৰ জুনেইদ আহমেদ নামৰ এজন লোকে ৰুজু কৰিছিল গোচৰ।

এই গোচৰৰ পিছতে আদালতে চমন জাৰি কৰিছিল বিধায়কগৰাকীলৈ। কিন্তু তিনিটাকৈ তাৰিখত আদালতত উপস্থিত হোৱা নাছিল শিলাদিত্য দেৱ।

ইয়াৰ পিছতে আজি কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিধায়কজনৰ বিৰুদ্ধে জাৰি কৰে গ্ৰেপ্তাৰী পৰোৱানা। ২৩ জুলাইত বিধায়কজনক কৰিমগঞ্জ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।