যোৰহাটলৈ অনা হ’ল বায়ুসেনাৰ ১৩জন বীৰ জোৱানৰ নশ্বৰদেহ

 06/21/2019 - 12:42

যোৰহাটঃ অৱশেষত যোৰহাটলৈ অনা হ’ল বায়ুসেনাৰ ১৩জন বীৰ জোৱানৰ নশ্বৰদেহ। ৩ জুনত যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ উৰা মৰাৰ পিছতে দুৰ্ঘটনাত পতিত হৈছিল বায়ুসেনাৰ AN-32 বিমানখন।

কেইবাদিনো ধৰি চলোৱা অভিযানৰ অন্তত অৰুণাচলৰ দুৰ্গম অঞ্চলত উদ্ধাৰ হৈছিল বিমানখনৰ ধ্বংসাৱশেষ । বৃহস্পতিবাৰে উদ্ধাৰ কৰা ১৩ জনৰে মৃতদেহ লৈ অনা হয় যোৰহাটৰ বায়ুসেনা ছাউনীলৈ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বীৰ জোৱানসকললৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে সতীৰ্থসকলে।

উল্লেখযোগ্য যে ১২জন বীৰ জোৱানৰ মৃতদেহ নিজ নিজ পৰিয়াললৈ নিশাই প্ৰেৰণ কৰে আৰু উইং কামাণ্ডাৰ জি এম চাৰ্লছৰ মৃতদেহ সৎকাৰ কৰে যোৰহাটৰ গড়মুৰস্থিত ৰাজহুৱা শ্মশানত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।