বিশ্বকাপৰ বা-বতৰা

 06/21/2019 - 13:13

ডিজিটেল ডেস্কঃ আইচিচি ক্ৰিকেট বিশ্বকাপ-২০১৯ ৰ ২৬ সংখ্যক মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছে বাংলাদেশ। পোনতে বেটিং কৰি অষ্ট্ৰেলিয়াই সুন্দৰ আৰম্ভণি কৰে। অষ্ট্ৰেলিয়াই ৫০ অভাৰত ৫টা উইকেট হেৰুৱাই ৩৮১ ৰান সংগ্ৰহ কৰে। তাৰ বিপৰীতে বাংলাদেশে ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ৩৩৩ ৰান। ৪৮ ৰানৰ ব্যৱধানত জয়ী হয় অষ্ট্ৰেলিয়া।

উল্লেখ্য যে চলিত বিশ্বকাপত অষ্ট্ৰেলিয়াই পঞ্চমটো বিজয়েৰে পুনৰ তালিকাৰ শীৰ্ষস্থানত অৱস্থান কৰিছে। বিস্ফোৰক অপেনাৰ ডেভিদ ৱাৰ্ণাৰে ১৪৭টা বলত ১৪টা চাৰি আৰু ৫টা ৬ৰে ১৬৬ ৰান সংগ্ৰহ কৰি 'মেন অৱ দ্য মেচ’ৰ খিতাপ লাভ কৰে।

আজি আইচিচি ক্ৰিকেট বিশ্বকাপ-২০১৯ ৰ ২৭ সংখ্যক মেচ হ’ব বিয়লি ৩ বজাৰ পৰা হেডিংলে, লীডছত ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।