কলিয়াবৰঃ অসমৰ জাতীয় জীৱনত বিহুৰ ভূমিকা অনস্বীকাৰ্য্য। বিহুৰ প্ৰসাৰ আৰু প্ৰচাৰত অসমৰ বিভিন্ন স্থানৰ বিহু দলসমূহে একাগ্ৰচিত্তে কৰ্মত ব্ৰতী হৈ আহিছে। মূলত অসমৰ বিভিন্ন স্থানৰ বিহু প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰে বিহুৰ স্বকীয়তা ৰক্ষা কৰাৰ চেষ্টা কৰাৰ লগতে এচাম নতুন বিহু শিল্পী সৃষ্টিত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। কিন্ত এই কাৰ্য্যত বিহু দলসমূহে উদ্যোক্তা সমিতিসমূহৰ পৰা ভালেমান আহুকালৰ সন্মুখীন হৈ আহিছে ভালেমান অভিযোগ-প্ৰতিঅভিযোগ শুনা যায়।
প্ৰায়ে বিহু অনুষ্ঠানসমূহত বিহুদলসমূহৰ শিল্পীসকলে প্ৰাপ্য সন্মান তথা মাননিৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হয় উদ্যোক্তাসকলৰ অভব্য আচৰণৰ বাবে। যাৰ ফলত বহু বিহুদলে আধাতে যাত্ৰা সামৰিবলগা হৈছে। অৱশ্যে কিছু ক্ষেত্ৰত কিছু বিহুদলৰ অশিল্পীসুলভ আচৰণো দায়ী নোহোৱা নহয়। সেয়ে তেনে আহুকালসমূহৰ অন্ত পেলাবলৈ তথা বিহু সংস্কৃতিৰ উত্তৰণ বিষয়ক ভালেমান বিষয়ৰ ওপৰত আলোচনাৰ বাবে প্ৰতিনিধি সভাৰ আয়োজন কৰিছে।
অসমৰ বিভিন্ন স্থানৰ মুকলি বিহু দলসমূহ ঐক্যমতত উপনীত হোৱাৰ লক্ষ্যৰে কলিয়াবৰৰ অগ্ৰণী বিহু দল ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ উদ্যোগত এক প্ৰতিনিধি সভা অহা ২২ জুন, শনিবাৰে পুৱা দহ বজাৰ পৰা কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত অনুষ্ঠিত হ'ব। এই প্ৰতিনিধি সভাত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ষাঠিটা মুকলি বিহু দলৰ ডেৰশতকৈও অধিক প্ৰতিনিধি উপস্থিত থাকিব বুলি প্ৰতিনিধি সভাৰ আহ্বায়ক গৌতম খাউণ্ডে আমাক জানিবলৈ দিয়ে। লগতে এই প্ৰতিনিধি সভাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ফ্ৰেণ্ডশ্বীপ ক্লাৱে।