ছয়গাঁও: কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰৰ পৰা যোৱা ২৮ মে'ত এগৰাকী ১৭ বছৰীয়া জনজাতীয় যুৱতীক কোনো লোকে ঘৰৰ সন্মুখৰ পৰা অপহৰণ কৰি নিছিল। পিছে যোৱা নিশা (২০ জুন) কিশোৰী অপহৰণৰ লগত জৰিত যুৱকক এজনক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা যুৱকজন ছয়গাঁও ঢেকেনাবঢ়ীৰ চাহিল হ'ক ওৰফে চাহেনশ্বাহ (২৮)। ছয়গাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক কৃষ্ণ প্ৰসাদ শৰ্মাই অনুসন্ধান চলাই যুৱকজনৰ কবলৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। জানিব পৰা মতে উক্ত যুৱকজনে জনজাতীয় যুৱতীগৰাকীক ফুচুলাই লৈ গৈ আত্মগোপন কৰি আছিল। অৱশেষত আৰক্ষীয়ে কৈমাৰী গাঁৱৰ এটি পৰিয়ালৰ ঘৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে।
পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ধৃত চাহিল হ'কক ভাৰতীয় দণ্ডবিধি আইনৰ ৫০২/ ১৯ নম্বৰ গোচৰমৰ্মে ৩৬৫ ধাৰাত এটি গোচৰ ৰুজু কৰি আজি আদালতলৈ প্ৰেৰণ কৰে। ইফালে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে চাহিল হক এগৰাকী বিবাহিত লোক। অপহৃত কিশোৰীগৰাকীক দীৰ্ঘদিন ধৰি শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ লগতে আপত্তিজনক ফটো ছ'চিয়েল মিডিয়াত দিয়াৰো ভাবুকি দি কিশোৰীগৰাকীক ব্লেকমেইলিং কৰি আছিল।
ধৃত যুৱকজন পূৰ্বতে বহুকেইটা অপৰাধমূলক ঘটনাত জৰিত থকাৰ কথা পোহৰলৈ আহিছে।