ব্যক্তিগত সংবাদ গোষ্ঠীৰ বিৰুদ্ধে তুলিৰামৰ ১০০ কোটি টকাৰ মানহানিৰ গোচৰ

 06/21/2019 - 16:11

বোকাজান: কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বৃহস্পতিবাৰে ডিফুৰ কাছা ষ্টেডিয়ামত এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত তেওঁ ডিফু তথা জিলাখনৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে৷ ইয়াৰ পিছতে তেওঁ বিগত কেইবাদিনো ধৰি এটা ব্যক্তিগত সংবাদ গোষ্ঠীয়ে তেওঁৰ বিৰুদ্ধে মিছা বাতৰি প্ৰকাশ কৰি অহা বুলি দাবী কৰে৷ জলসিঞ্চন বিভাগৰ ৩৮৬ টা আঁচনিৰ বিৰুদ্ধে দীপ কলিতাই তৰা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ কপি তেওঁ সংবাদমেলত পঢ়ি শুনায়৷ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ ধনৰ অপব্যৱহাৰ নাই হোৱা বুলি তেওঁ দাবী কৰে৷ তাৰালাংচ’ৰ পথটো ২৫ কোটি টকাৰ বুলি লিখিছে যদিও পথটো ১৭ কোটি ৯৮ লাখ টকাৰ আৰু বৰ্তমানলৈ ঠিকাদাৰক ১১কোটি ১৩ লাখ ৯৭ হাজাৰ টকা দিবলৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে৷

সংবাদমেলত আৱেগিক হৈ মুখ্য কাৰ্যবাহী ৰংহাঙে কয় যে মোৰ ল’ৰাটো যি সময়ত দিল্লীৰ এপল' চিকিৎসালয়ত আই চি ইউত আছিল সেই সময়ত মোৰ বিৰুদ্ধে মিছা বাতৰি প্ৰকাশ হৈ আছিল৷ সেইকণ মানৱীয়তাও নাই নেকি সংবাদ মাধ্যমৰ লোকসকলৰ বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে৷

কোনো কাকত বা চেনেলৰ নাম উল্লেখ নকৰাকৈ তেওঁ এটা চেনেল আৰু এখন বাতৰি কাকতৰ বিৰুদ্ধে বিজন মহাজনৰ জৰিয়তে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰা বুলি ঘোষণা কৰে৷ লগতে ডিফু আৰু উচ্চতম ন্যায়ালয়তো গোচৰ তৰিব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।