লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম পঞ্চায়তৰ কাকৈ লাইমেকুৰি হাজং গাঁও আৰু নভঙীয়া হাজং গাঁও সংযোগী কাকৈ নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক। উক্ত জৰাজীৰ্ণ দলংখনেৰে অঞ্চলটোৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকল বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে যদিও কাণষাৰ নাই জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টিত থকা এই বাঁহৰ দলংখনে প্ৰতিফলিত কৰিছে পৰিৱৰ্তনৰ শ্ল’গান দি গাদী দখল কৰা বিজেপি চৰকাৰৰ উন্নয়ণৰ ফোপোলাস্বৰূপ। উল্লেখ্য যে, বহু বছৰ ধৰি অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ দলংখন নিৰ্মাণ কৰে যদিও বাৰিষা যাতায়তৰ উপযোগী হৈ নুঠে।
অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰে যদিও আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই। এইবাৰৰ বাৰিষাৰ পূৰ্বে দলংখন নিৰ্মাণ কৰি ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায়।