তিতাবৰঃ নিশা অহা এজাক বৰষুণৰ ফলত তিতাবৰৰ কেইবাটাও অঞ্চলত সৃষ্টি হয় বানপানীৰ। বানপানীৰ কবলত যায় কেইবাখনো গাঁও। বানপানীয়ে ভাঙি নিলে তিতাবৰ কৰতীপাৰা সত্ৰৰ এটা পানী পৰিবাহী কালভাৰ্ট। ফলত বানৰ কবলত পৰিব লগা হ'ল গাঁওবাসী। একাঁঠু পানীৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে।অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ।
অগপ চৰকাৰৰ দিনত নিৰ্মাণ কৰা এই পুলটো পুনৰ নিৰ্মাণৰ বাবে কংগ্ৰেছ চৰকাৰক আবেদন কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ এইসকল গঞা ৰাইজৰ। উল্লেখযোগ্য যে তাৰপিছৰ পৰ্যায়ত কংগ্ৰেছ চৰকাৰ আহিল আৰু সেইসময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল তিতাবৰৰে বিধায়ক তৰুণ গগৈ।
নিজৰ সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰী আসনত বহিও নিজ সমষ্টিৰ ৰাইজৰ সমস্যা সমাধান নকৰিলে গগৈয়ে। তাকলৈয়ো তীব্ৰ ক্ষোভ উজাৰিছে এইসকললোকে। বিগত সময়ত বিজেপি চৰকাৰ আহিল যদিও কোনো জনপ্ৰতিনিধিয়ে এইসকল ৰাইজৰ সমস্যাক গুৰুত্ব নিদি আওকাণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। যাৰ ফলত আজি গাঁওখনৰ সকলোৱে নিজৰ সমস্যাৰ সমাধানৰ দাবীত একাঁঠু পানীত প্ৰতিবাদ সাব্যস্ত কৰিছে।