শিৱসাগৰঃ বিভিন্ন প্ৰান্তৰ লগতে আজি শিৱসাগৰতো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে স্থানীয় চাওল্যুং চুকাফা ইনড’ৰ ষ্টেডিয়ামত যোগ দিৱস পালন কৰে। পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত প্ৰথমে যোগ প্ৰদৰ্শন আৰু যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনিক বিষয়াসকল লগতে বহু লোকে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটােৰ লগত সংগতি ৰাখি উপায়ুক্ত মহোদয়ে ভাষণ প্ৰসংগত কয়- যোগাসন শৰীৰ, মন আৰু মগজু সুস্থ-সবল কৰি ৰখাৰ এক উত্তম পদ্ধতি৷
বিভিন্ন শিক্ষানুষ্ঠানকে ধৰি ব্যক্তিগত প্ৰতিষ্ঠানসমূহেও যোগ দিৱস পালন কৰা দেখা যায়। শিৱসাগৰ নগৰৰ ষ্টুডিঅ' N-13 প্ৰতিষ্ঠানতো যোগ দিৱস পালন কৰে৷ দৈনিক যোগ প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানটোৱে আজি যোগ দিৱস পালন কৰে। উক্ত অনুষ্ঠানত বহু সংখ্যক যুৱতীয়ে অংশ গ্ৰহণ কৰাৰ লগতে অনুষ্ঠানটিৰ প্ৰশিক্ষক পাখি বৰায়ো অংশ গ্ৰহণ কৰে।