ডিজিটেল ডেস্ক: দৰং জিলাৰ বৰবড়ী হৰি মন্দিৰ প্ৰাঙ্গনত অসম জাতীয় উন্নয়ন পৰিষদ, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় 'কলাগুৰু বিষ্ণু ৰাভা দিৱস' উদযাপন কৰা হয়। পশ্চিম দৰং আঞ্চলিক ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আজি অন্তিম দিন আছিল। আজিৰ এই অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদক ড০ ভৱেশ দাসে। ৰাতিপুৱা ৯ বজাত পৰিষদৰ পতাকা উত্তোলন কৰে অসম জাতীয় উন্নয়ন পৰিষদৰ সভাপতি ভাৰত বৰাই।
বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ১০.৩০ বজাত সামূহিক চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰে উদ্যোক্তাসকলে। এই অভিযানৰ শুভ উদ্ধোধন কৰে অসম জাতীয় উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা, আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ কৈলাশ শৰ্মাই। আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি শংকৰ দাস, বিশিষ্ট সাংস্কৃতিক কৰ্মী, গীতিকাৰ-সুৰকাৰ পৃথ্বীৰাজ ৰাভা, বিশিষ্ট অভিনেত্রী সাগৰিকা গোস্বামীকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। সাংবাদিক অদীপ কুমাৰ ফুকন আৰু লাচিত বৰদলৈয়ে নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে।
সন্ধিয়া ৭.৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰা হ'ব। ইয়াৰ উপৰি নিশা ৮ বজাত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। এই সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই। সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ'ল সংগীতশিল্পী বিপিন চাউদাঙৰ গীতৰ শৰাই।