মেখেলা চাদৰেৰে জিলিকিল কৰিস্মা কাপুৰ

 03/15/2019 - 17:31

গুৱাহাটীঃ অসমীয়া পৰম্পৰাগত সাজ পিন্ধি ৰেম্পত উজ্বলি উঠিল বলিউড তাৰকা কৰিস্মা কাপুৰ৷ নতুন দিল্লীত শেহতীয়াভাৱে অনুষ্ঠিত ‘fdci lotus make up fashion week’ত অসমীয়া বিয়ানামৰ তালে তালে ৰেম্পত খোজ দিলে বলীউড কন্যাই।

অভিনেত্ৰীগৰাকীৰ সাজযোৰৰ ডিজাইন কৰিছে আৰ্ন্তজাতিক খ্যাতিসম্পন্ন অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই৷ কৰিস্মা কাপুৰে তুলি ধৰিলে অসমীয়া সাজৰ সৌন্দৰ্য তথা গৰিমা৷

মেখেলা চাদৰৰ প্ৰদৰ্শনত অংশ লৈ মুগ্ধ হৈ পৰে কৰিস্মা কাপুৰ৷ লগতে তেওঁ অসমীয়া সাজপাৰৰ প্ৰশংসাত পঞ্চমুখো হৈ পৰে। অসমীয়া সাজপাৰক এনেদৰে বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ বাবে অসমীয়া ৰাইজে সংযুক্তা দত্তৰ শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।