বঙাইগাঁও জিলাৰ বাংলাপাৰাত অচিন ৰোগত আক্ৰান্ত শ শ লোক

 06/21/2019 - 21:03

মাণিকপুৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰা গাঁৱত শ শ লোক অচিন ৰোগত আক্ৰান্ত হোৱাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত স্বাস্থ্য বিভাগে আক্ৰান্ত লোক সকলক চিকিৎসা প্ৰদান কৰিছিল যদিও কোনো লোকে আৰোগ্য লাভ কৰা নাই। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত আমছুৰ এটা সজাতি দলে গাঁওখনত আক্ৰান্ত হোৱা লোকসকলৰ মাজত উপস্থিত হৈ ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগক তীব্ৰ সমালোচনা কৰে।

সৰকাৰে সাংবাদিকৰ আগত কয় যে গাঁওখনৰ শ শ লোক এই ভয়াবহ অচিন ৰোগত আক্ৰান্ত হোৱাৰ পিছত জিলা স্বাস্থ্য বিভাগে যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেয়া কৰা নাই বাবে যিবোৰ ঔষধ পাতি স্বাস্থ্য বিভাগে প্ৰদান কৰিছিল সেই ঔষধত সুফল পোৱা নাই।

কি কাৰণত এই ৰোগ হৈছে সেয়া পৰীক্ষা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক আহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। সজাতি দলত আমছুৰ সভাপতিৰ লগতে আমছুৰ প্ৰচাৰ সম্পাদক হাফিজ ৰফিকুল ইছলাম, বিজনী আৰু চিৰাং জিলা আমছুৰ সভাপতি আবুল কালাম আজাদ, গুলজাৰ হুছেইন পাৰামানিক, বঙাইগাঁও জিলা আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল আহমেদৰ লগতে কেইবাজনো আমছুৰ কৰ্ম-কৰ্তা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।