06/21/2019 - 21:34
in
বৰপেটা: বৰপেটা চহৰত ৰাম সেনাৰ দ্বাৰা সংঘটিত ঘটনাৰ ৪৮ ঘণ্টা অতিক্ৰম। মুছলমান যুৱকক ধৰ্ম বিৰোধী শ্ল'গান দিবলৈ মাৰপিট কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বৰপেটাত। ঘটনাক লৈ স্থানীয় আৰক্ষী প্ৰশাসনতো তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আজি বৰপেটা থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষ পংকজ কাকতিয়ে জৰুৰী সংবাদ মেল অনুষ্ঠিত কৰে। বৰপেটা থানাত গোচৰ ৰুজু হোৱাৰ কথাও প্ৰকাশ কৰে আৰক্ষীয়ে। ঘটনাত জড়িত চাৰি যুৱকক চিনাক্ত কৰাৰ কথা সদৰী বৰপেটা আৰক্ষীৰ।
যুৱককেইজনক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে ঘোষণা কৰে। ঘটনাক লৈ ছ'চিয়েল মিডিয়াতো অব্যাহত আছে বিতৰ্কৰ। ছ'চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ ৰখাৰ কথা ব্যক্ত আৰক্ষীৰ। ছ'চিয়েল মিডিয়াত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি আৰক্ষীৰ।