মানকাচৰৰ পৰা দাগী অপৰাধী আটক

 06/22/2019 - 12:14

মানকাচৰ: মানকাচৰৰ আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰপাৰাৰ ভাৰত বাংলা সীমান্তৰ পৰা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা দাগী অপৰাধী এজনক আটক কৰে। জানিব পৰা মতে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া বিনোদ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই যোৱা বৃহস্পতিবাৰে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী সোনাৰপাৰা গাঁৱৰ আজিজুল ৰহমানৰ পুত্ৰ শহিদুল ইছলামৰ নামত যোৱা ২০১৮ চনত ৫১/১৮ নং গোচৰ ৰুজু হৈছিল। তেতিয়াৰ পৰা শহিদুলে আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল।

আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সোনাৰপাৰাত অভিযান চলাই শহিদুলক আটক কৰে। দাগী আচামীজনক অধিক সোধ পোছ কৰাৰ বাবে আৰক্ষীয়ে থানাত ৰাখিছে। শীঘ্ৰেই আচামীজনক জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।