দৰঙৰ ম'ষ্ট ৱাণ্টেড বিভিন্ন ডকাইতি, হত্যাকাণ্ডৰ মূল অভিযুক্ত আশাবাবুক গ্ৰেপ্তাৰ

 06/22/2019 - 12:38

খাৰুপেটিয়া: বিগত কেইবাবছৰ ধৰি বিভিন্ন স্থানত চুৰি, ডকাইতি, হত্যাকাণ্ড আদিৰ সৈতে জড়িত হৈ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ম'ষ্ট ৱাণ্টেড আশাবাবুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধূলা আৰক্ষীয়ে৷ দৰঙৰ ধূলা আৰু খাৰুপেটিয়া আৰক্ষী বাহিনীৰ যুটীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় আশাবাবুক৷ উল্লেখ্য যে দৰঙৰ জ্যেষ্ঠ অধিবক্তা মংগলদৈৰ বিনয় ঘোষৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত এইজন আশাবাবু বহুদিন পলাতক হৈ আছিল।

আৰক্ষীৰ তালিকাত ম'ষ্ট ৱাণ্টেড হিচাপে চিহ্নিত হোৱা আশা বাবু ইমানদিনে পলাতক অৱস্থাত আছিল যদিও এক গোপন সূত্ৰৰ পম খেদি ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি আৰু খাৰুপেটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকাৰ যুটীয়া অভিযানত কেওটচুবা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।