এগৰাকী দুখীয়া ঠেলাচালকৰ পত্নীস্নেহ

 06/22/2019 - 12:52

মঙলদৈ: মঙলদৈৰ ডাঁহী বনিয়াপাৰা গাঁৱৰ এগৰাকী বিশেষ ব্যক্তিৰ ঘৰত ওলাইছে হাজাৰ হাজাৰ টকা। জৰ্দাৰ পেকেট, বিড়িৰ পেকেট, পলিথিন সকলোতে ওলাইছে টকা। টকা ওলোৱাৰ খবৰ শুনি গাঁৱৰ পুৰুষ মহিলাৰে ভৰি পৰিছে ব্যক্তিগৰাকীৰ চোতাল। কিন্তু ক'ৰ পৰা আহিল ইমান টকা? মঙলদৈৰ ডাঁহী বনিয়াপাৰা গাঁৱৰ এই ব্যক্তিজনৰ নাম দেৱেন শৰ্মা। পেছাত ঠেলাচালক দেৱেন শৰ্মাৰ বৃহস্পতিবাৰে সন্ধিয়া মৃত্যু হৈছিল। পৰিয়াল বুলিবলৈ আছিল দেৱেন শৰ্মা আৰু তেঁওৰ পত্নী। এজনী কন্যা সন্তান আছিল যদিও ৭ বছৰ আগতে বিয়া দি দুয়ো আজৰি হৈছিল।

সামান্য আইএওৱাই ঘৰ এটাত থাকি ঠেলা চলাই পৰিয়াল চলোৱা দেবেনৰ নাছিল কোনো বেংক একাউণ্ট। কোনো ধৰণৰ নিচা গ্ৰহণ নকৰা অমায়িক দেৱেনে নিজৰ অনুপস্থিতত পত্নী কন্যাৰ কি হ'ব হয়তো এই কথা চিন্তা কৰিয়ে পত্নীৰ অজ্ঞাতে ঠেলা চলাই দৈনিক উপাৰ্জন কৰা ধনৰ একাংশ বিগত ৩০ বছৰে গোপনে জৰ্দা বা বিড়ি বা বাটত পোৱা পলিথিনত ভৰাই জমা থৈছিল। তেওঁৰ মৃত্যুৰ পাছত পত্নীয়ে ঘৰৰ ওচৰৰ শিক্ষক এজনক মাতি আনি গণনা কৰিব দিয়ে।

দেৱেনৰ থকা ঘৰটোৰ পৰা পোৱা বহু মোনা, পলিথিন আদিৰ পৰা মুঠ ৫২,০০০ হাজাৰ টকা উদ্ধাৰ কৰা হয়। ঠেলাচালকগৰাকীৰ দূৰদৰ্শিতা আৰু পত্নীৰ প্ৰতি থকা মৰম ভালপোৱা আৰু দায়িত্ববোধে সকলোক আচৰিত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।