কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ বিৰল প্ৰজাতিৰ গ্ৰীণ ক্ৰেট সাপ

 06/22/2019 - 13:11

কলিয়াবৰ: কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ বিৰল প্ৰজাতিৰ গ্ৰীণ ক্ৰেট সাপ। শুকুৰবাৰে নিশা কলিয়াবৰৰ শিলঘাট টাউনৰ সন্তোষ বৰা নামৰ লোক এজনৰ বাসগৃহৰ এজোপা গছৰ ডালত গ্ৰীণ ক্ৰেট সাপ এডালে বিচৰণ কৰি থকা দেখা পায় সন্তোষ বৰাৰ পৰিয়ালৰ লোকে। এই খবৰ বিয়পি পৰাত এই বিৰল প্ৰজাতিৰ সাপডাল চাবলৈ ৰাইজে ভিৰ কৰেহি সন্তোষ বৰাৰ ঘৰত। তাৰপিছত ৰাইজে কলিয়াবৰৰ শিলঘাটৰ প্ৰকৃতিপ্ৰেমী যুৱক তথা সৰ্প মানৱ সঞ্জীৱ ডেকাক সাপ ওলোৱা খবৰ দিয়ে আৰু সঞ্জীৱ ডেকা উপস্থিত হৈ নিজৰ দক্ষতাৰে উদ্ধাৰ কৰে গ্ৰীণ ক্ৰেট সাপডাল।

প্ৰায় ৫ ফুট দীঘল এই সাপডাল উদ্ধাৰ কৰি কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰত বনবিভাগৰ সহযোগত মুক্ত বিচৰণৰ বাবে মোকোলাই দিয়ে সৰ্প মানৱ সঞ্জীৱ ডেকাই। বৰ্তমান সময়লৈ অজগৰ সাপ প্ৰায় ১৭০ ডাল আৰু অন্যান্য সাপৰ ভিতৰত ২৮০ ৰো অধিক সাপ উদ্ধাৰ কৰি কলিয়াবৰবাসী ৰাইজক বহু বিপদৰ পৰা উদ্ধাৰ কৰিছে এই উদীয়মান যুৱক সঞ্জীৱ ডেকাই। আজি উদ্ধাৰ হোৱা এই বিৰল প্ৰজাতিৰ গ্ৰীণ ক্ৰেট সাপডাল বিষাক্ত বুলি জানিবলৈ দিয়ে ডেকাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।