ড্ৰাগছৰ ঘাটিত পৰিণত সমগ্ৰ নলবাৰীঃ আটক ৰিকি আলী আৰু ৰফিক আহমেদ

 03/15/2019 - 18:24

নলবাৰীঃ নলবাৰীত বিগত মাহত প্ৰায় চাৰিটা কৈ ড্ৰাগছৰ ঘাটি উচ্ছেদ হ’ল যদিও ড্ৰাগছৰ কবলৰ পৰা এতিয়াও ৰক্ষা পৰা নাই নলবাৰী। ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ নলবাৰী।

নলবাৰী আৰক্ষীৰ তৎপৰতাত ড্ৰাগচ ব্যৱসায়ী এজন এজনকৈ ধৰা পৰিছে যদিও ইয়াৰ বজাৰ হ্ৰাস পোৱা নাই৷ পুনৰ বুধবাৰে নিশা অভিযান চলাই নলবাৰীৰ হৰিপুৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কৰেক্স জব্দ কৰে নলবাৰী আৰক্ষীয়ে।

নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাই এক গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হৰিপুৰত নিশা জব্দ কৰে এই চোৰাং ড্ৰাগছ। এই তালাচী অভিযানত ড্ৰাগছ ব্যৱসায়ী ৰিকি আলী আৰু ৰফিক আহমেদক আটক কৰাৰ লগতে বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট আৰু কৰেস্কৰ লগত নগদ দুই লাখ সত্তৰ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় নলবাৰী আৰক্ষী।

ইফালে, দৈনিক বিলাতী সুৰা গাঁৱে-ভুঞে চহৰৰপৰা চালান দি আহিছে এটা দুষ্ট চক্ৰই৷ জিলাখনত আৱকাৰী বিভাগক দৈনিক মেনেজ কৰি আহিছে কিছুমান ধুৰন্ধৰ ড্ৰাগছ ব্যৱাসায়ীয়ে৷

অসম চৰকাৰৰ এটা বিয়াগোম আৱকাৰী বিভাগ থকাৰ পিছতো দুষ্ট চক্ৰটোৱে গ্ৰামাঞ্চলৰ সৰু-বৰ প্ৰায়বোৰ দোকানতে বিনা সংকোচে প্ৰচুৰ পৰিমাণে যোগান দি আহিছে ড্ৰাগছ। চকুমুদা কুলিৰ ভাও ধৰা আৱকাৰী বিভাগক কঠোৰ সমালোচনা কৰিছে সচেতন ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।