বিশ্বকাপৰ বা-বতৰা

 06/22/2019 - 13:25

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ২৭ সংখ্যক মেচত শ্ৰীলংকাই পৰাস্ত কৰে ইংলেণ্ডক। লীডছৰ হেডিংলেই ষ্টেডিয়ামত অনুষ্ঠিত গুৰুত্বপূৰ্ণ খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় শ্ৰীলংকাই। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৩২ ৰান। তাৰ বিপৰীতে ইংলেণ্ডে ৪৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ২১২ ৰান। ২০ ৰানৰ ব্যৱধানত জয়ী হয় শ্ৰীলংকা। ১০ অভাৰত ৪৩ ৰান দি ৪টা উইকেট দখল কৰি মেন অৱ দ্য মেচ হয় শ্ৰীলংকাৰ লাচিথ মালিংগা।

 

আজি বিশ্বকাপ ক্ৰিকেটৰ দুখনকৈ মেচ অনুষ্ঠিত হ'ব। ২৮ সংখ্যক মেচখন হ'ব বিয়লি ৩ বজাৰ পৰা ছাউথেম্পটনৰ দ্য ৰ'জ বাউল ষ্টেডিয়ামত ভাৰত আৰু আফগানিস্তানৰ মাজত।

আনহাতে ২৯ সংখ্যক মেচখন মানচেষ্টাৰৰ অল্ড ট্ৰেফ'ৰ্ড ষ্টেডিয়ামত সন্ধিয়া ৬ বজাৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।