ধেমাজিৰ অংঙ্গনবাড়ী কেন্দ্ৰসমূহত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 06/22/2019 - 14:10

লখিমপুৰ: ধেমাজি জিলাৰ বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত বিভিন্ন অংঙ্গনবাড়ী কেন্দ্ৰসমূহত ব্যাপক দুৰ্নীতি-অনিয়মৰ ঘটনা সংঘটিত হৈছে। বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু চুপাৰ ভাইজাৰসকলৰ অমনোযোগিতাৰ বাবে অঙ্গনবাড়ী কেন্দ্ৰসমূহৰ কৰ্মী সহায়িকাসকলে নিজ ইচ্ছামতে চলাই গৈছে অঙ্গনবাড়ী কেন্দ্ৰ। তেনে এটা দুৰ্নীতি-অনিয়মত জৰ্জৰিত অঙ্গনবাড়ী কেন্দ্ৰ হৈছে গোগামুখ ন-গাঁও দক্ষিণ-পশ্চিম অঙ্গনবাড়ী কেন্দ্ৰ। উক্ত অঙ্গনবাড়ী কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি কেন্দ্ৰটোৰ কৰ্মী অঞ্জলী দত্তই স্বেচ্ছাচাৰিতাৰে কেন্দ্ৰটো পৰিচালনা কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।

অঙ্গনবাড়ী কেন্দ্ৰৰ গৃহ কেলেংকাৰীৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিজ বাসগৃহ চৌপাশৰ ভিতৰত অঙ্গনবাড়ী কেন্দ্ৰ স্থাপন কৰিছে অভিযুক্তই। অঙ্গনবাড়ী কেন্দ্ৰৰ ভিতৰচোৱাত আনকি শুৱা বিচনা মজুত ৰখা পৰিলক্ষিত হৈছে। যি ঠাইত কেন্দ্ৰটো নিৰ্মাণ কৰিছে উক্ত ঠাই ডোখৰ এতিয়াও কেন্দ্ৰটোৰ কৰ্মী অঞ্জলী দত্তৰ স্বামীৰ নামত ম্যাদীভুক্ত ভূমি বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।