বৰপেটা কাণ্ডৰ মূল অভিযুক্ত দেৱজিৎ ডেকাক আটক

 06/22/2019 - 14:19

বৰপেটা: বৰপেটা চহৰত ৰাম সেনাৰ দ্বাৰা সংঘটিত মুছলমান যুৱকক ধৰ্ম বিৰোধী শ্ল'গান দিবলৈ মাৰপিট কৰা ঘটনাৰ মূল অভিযুক্ত দেৱজিৎ ডেকাক আটক৷ ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত ১৩২৫/১৯ নম্বৰৰ বিপৰীতে ৰুজু কৰা হৈছিল এক গোচৰ৷ কালি নিশা দিছপুৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰ পৰা আটক কৰা হৈছিল দেৱজিতক৷

আজি বৰপেটাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় দেৱজিতক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।