বঞ্চিত ছাত্র-ছাত্ৰীৰ নামভৰ্ত্তিৰ বাবে খাৰুপেটিয়া মহাবিদ্যালয়ত প্ৰতিবাদ

 06/22/2019 - 15:08

খাৰুপেটীয়া: খাৰুপেটীয়া মহাবিদ্যালয়ৰ সন্মুখত বিভিন্ন দল-সংগঠনৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰে। নামভৰ্ত্তিৰ পৰা বঞ্চিত হোৱা ছাত্র-ছাত্ৰীসকলে কৰিলে এই প্ৰতিবাদ। মহাবিদ্যালয়খনত স্নাতক মহলাত নাম ভৰ্ত্তিকৰণৰ বাবে কৰ্তৃপক্ষই ১৪১৯ খন প্ৰ-পত্ৰ বিতৰণ কৰে যদিও কলেজ কৰ্তৃপক্ষই কেৱল ৮০০ জন ছাত্র ছাত্ৰীৰহে নামভৰ্ত্তি কৰা হ'ব বুলি জনোৱাত ক্ষুদ্ধ হৈ পৰে ছাত্ৰ ছাত্ৰী তথা বিভিন্ন দল সংগঠন। আজি দিনৰ ১১ বজাত বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীক নামভৰ্ত্তীকৰণৰ দাবীত বিভিন্ন দল সংগঠনে কলেজৰ গেটৰ সন্মুখত ইনক্লাব জিন্দাবাদ, ছাত্র ঐক্য জিন্দাবাদ, বঞ্চিত ছাত্র ছাত্ৰীক নামভৰ্ত্তী কৰিবলৈ দিবই লাগিব আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে মঙ্গলদৈ আৰু দলগাঁও সমষ্টিৰ বৃহত্তৰ অঞ্চলত থকা একমাত্ৰ মহাবিদ্যালয়খনত স্নাতক মহলাত সীমিত আসন থকাৰ বাবে বিগত বৰ্ষতো নামভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল ছাত্র ছাত্ৰীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।