পুনৰ নিৰ্ব‍াচন খেলিব শুকুৰে: বান-গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি হতাশ

 06/22/2019 - 16:27

চামগুৰি: চামগুৰিত এইবাৰ চলিব শুকুৰ আলীৰ ৰাজনীতি। ধুবুৰী সমষ্টিৰ শুকুৰ আলীয়ে জনপ্ৰিয়তা লাভৰ বাবে নিৰ্মাণ কৰিবলৈ ওলোৱা এখন বোলছবিৰ দৃশ্য গ্ৰহণৰ বাবে লোকেচন চাবলৈ আহি শুকুৰে পৰিদৰ্শন কৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ লাওঁখোৱাৰ বৃহত্তৰ অঞ্চল। কিন্তু শুকুৰে পৰিদৰ্শন কৰা এই বান-গৰাখহনীয়াগ্ৰস্ত অঞ্চলটোত বছৰ বছৰ ধৰি অব্যাহত থকা ৰাইজৰ দুখ-দুৰ্দশা প্ৰত্যক্ষ কৰি চূড়ান্তভাবে হতাশ হৈ পৰিছে প্ৰাৰ্থীগৰাকী। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈকে ধৰি বৰ্তমানৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত প্ৰকৃতপক্ষে নেতা নহয় বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰি বৃহত্তৰ অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজৰ প্ৰতি তেওঁলোকে আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে সকলো নেতাই কেৱল নিৰ্বাচনৰ সময়ত বিধ্বস্ত অঞ্চলটোলৈ আহি ৰাইজৰ সন্মুখত অভিনয় কৰে বুলি কটাক্ষ কৰে শুকুৰ আলীয়ে।

অৱশেষত চামগুৰিৰ নৈপৰীয়া ৰাইজৰ দুৰৱস্থা দেখি কেতিয়াও নিৰ্বাচন নেখেলো বোলা শুকুৰে একেবাৰে পণ ভাঙিয়েই পেলালে ৰাইজৰ খাতিৰত। আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত চামগুৰিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সদম্ভে জনালে ধুবুৰীৰ শুকুৰ আলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।