ছয়গাঁও মহাবিদ্যালয়ত প্ৰদূষণমুক্ত পৰিবেশ বিষয়ৰ ওপৰত সজাগতা সভা

 06/22/2019 - 17:15

ছয়গাঁও: ছয়গাঁও অঞ্চলৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ছয়গাঁও মহাবিদ্যালয়ত আজি প্ৰদূষণমুক্ত পৰিবেশ বিষয়ৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। ছয়গাঁও মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি নৱ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে 'ভয়চ্ ফৰ জাষ্টইষ্ট' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক হাফিজুৰ ৰহমানে। ছয়গাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক উপেন ডেকাই পৰিচালনা কৰা সম্বৰ্ধনা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আখটাৰ ফাণ আলী বৰাই।

তেওঁ প্ৰকৃতি কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ ওপৰত সুন্দৰ বক্তব্য দাঙি ধৰে। ছয়গাঁও মহাবিদ্যালয়ৰ বহুতো ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা সভাখনত পৰিচালনা সমিতিৰ সভাপতি মহেশ কলিতা, ছাত্ৰ নেতা দেৱজিৎ গোস্বামী, আইন সেৱা গাণনিক বিষয়া বনজিৎ কলিতা, অধিবক্তা সুস্মিতা বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।