06/22/2019 - 17:57
in
নগৰবেৰা: বিধ্বস্ত এটা পথে জ্বলাকলা খুৱাইছে নগৰবেৰাৰ হেকৰা দলাগাঁওবাসীক। নগৰবেৰাৰ হেকৰা দলাগাঁও সংযোগী পথৰ দৃশ্য এয়া। পথ বুলি নকৈ মৰণ ফান্দ বুলি ক'লে বেছি শুৱাব। বকো সমষ্টিৰ হেকৰা দলাগাঁও সংযোগী পথটো পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুবাৰ অনুৰোধ জনালে স্থানীয় বিধায়িকা নন্দিতা দাসক। কিন্তু ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব নাই বিধায়িকাৰ। গড়কাপ্তানী বিভাগো নীৰৱ। পথটোৰ এনে বিধ্বস্ত ৰূপত অতিষ্ট অঞ্চলবাসী। সেয়ে নামিল প্ৰতিবাদত। প্ৰতীকি ৰূপত প্ৰতিবাদ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা ৰাইজৰ।
বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে ৰাইজে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সাব্যস্ত কৰে প্ৰতিবাদ। হেকৰা দলাগাঁওবাসীৰ এনে অভিনৱ প্ৰতিবাদে চকু খোল খুৱাব পাৰিবনে চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ সেইয়া এতিয়া ডাঙৰ প্ৰশ্ন?