বৰপেটা কাণ্ডৰ সৈতে জড়িত অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষী প্ৰশাসনক ধন্যবাদ আমছুৰ

 06/22/2019 - 18:13

বৰপেটা: যোৱা ১৮ জুনৰ নিশা বৰপেটা চহৰত ৬ গৰাকী সংখ্যালঘু যুৱকক কেইগৰাকীমান যুৱকে ভাবুকি প্ৰদানেৰে বিভিন্ন বিতৰ্কিত মন্তব্য দিবলৈ হেচা প্ৰয়োগ কৰা কাৰ্যৰ সৈতে জড়িত মূল অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছে আমছুৱে। এক সংবাদমেলত আমছুৰ কেন্দ্ৰীয় উপসভাপতি আবুল হুছেইনে জনায় যে সংখ্যালঘু নিৰীহ যুৱকক মাৰধৰ কৰি ভাবুকি প্ৰদানেৰে বিভিন্ন বিতৰ্কিতমূলক ধ্বনি দিবলৈ হেচা প্ৰয়োগ কৰাতো গৰিহণাৰ যোগ্য। এই কাৰ্যৰ জৰিয়তে অশান্তিৰ বীজ ৰোপণ কৰাৰ বাবে দুষ্ট চক্ৰটোৱে অপচেষ্টা চলোৱা বুলি তেওঁ উল্লেখ কৰে।

শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সকলো অপশক্তিৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ বাবে চৰকাৰক আহ্বান জনায় আমছুৰ নেতাগৰাকীয়ে। সংবাদমেলত আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলামে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মণিৰুজ জামানো উপস্থিত থাকে।`

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।