06/22/2019 - 19:13
in
লংকা: বিজ্ঞানে যিমানেই উন্নতি নকৰক কিয় সমাজত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অন্ধবিশ্বাস, বাল্যবিবাহৰ দৰে জঘন্য ঘটনা। তেনে এক বাল্যবিবাহৰ ঘটনা সংঘটিত হয় লংকাৰ ২নং পিপলপুখুৰীত। ১৪ বছৰীয়া এগৰাকী কিশোৰীক বিবাহ দিবলৈ ওলাইছিল পৰিয়ালৰ লোকে। পিছত বিশেষ সূত্ৰৰ পম খেদি লংকাৰ চাইল্ড লাইনৰ সদস্যৰ তত্পৰতাত আৰু উদালী আৰক্ষীৰ সহযোগত লংকাৰ পিপলপুখুৰীৰ পৰা উদ্ধাৰ কৰে বিবাহপাশত আৱদ্ধ হ'বলগীয়া ১৪ বছৰীয়া কিশোৰীগৰাকীক। উদ্ধাৰ কৰা কিশোৰীগৰাকীৰ নাম কাজল দাস।
শুকুৰবাৰে নিশা কাজল দাস নামৰ কিশোৰীগৰাকীৰ বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। পিচত লংকা চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লংকাৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিত্সা কৰাই নগাঁৱৰ ষ্টেটহোমলৈ প্ৰেৰণ কৰে।