মোৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত সজাগতামূলক সমদল

 06/22/2019 - 19:27

লংকা: আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত মোৰাঝাৰ আঞ্চলিকৰ যৌথ উদ্যোগত সজাগতামূলক সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সহ সম্পাদক গিয়াছ উদ্দিন তাপাদাৰ আৰু হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰ। তেওঁলোকে এই সমদল অনুষ্ঠানত উপস্থিত থাকি কয় যে সমাজৰ পৰা অপৰাধমূলক কাৰ্য প্ৰতিৰোধ কৰা, অন্ধবিশ্বাস, কু-সংস্কাৰ দূৰ কৰা, প্ৰতি ঘৰত শিক্ষা সুনিশ্চিত কৰা, বাল্য বিবাহ, বহু বিবাহ বন্ধ কৰা, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰা, দুটিতকৈ বেছি সন্তান জন্ম দিয়া বন্ধ কৰা, নাৰী সবলীকৰণ কৰা আদি বিষয়ত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে।

সমগ্ৰ অসমৰ লগতে আজি হোজাই জিলা আমছুৰ উদ্যোগত মোৰাঝাৰ আঞ্চলিক আমছুৰ সহযোগত এই সজাগতামূলক সমদল ৰূপায়ণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।