নলবাৰীৰ চামতাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ: শান্তনু মেডিক'জৰ পৰা জব্দ ড্ৰাগছ

 06/22/2019 - 19:48

নলবাৰী: নলবাৰীৰ চামতাত আজি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। বৃহৎ পৰিমাণৰ এই নিচাযুক্ত দ্ৰব্য জব্দ কৰা হৈছে চামতাৰ মিণ্টু বৰ্মনৰ শান্তনু মেডিক'জৰ পৰা। আজি চামতাৰ নলবাৰী আৰু বেলশৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান৷ অভিযান চলি থকা সময়তে অসুস্থ হৈ পৰে শান্তনু মেডিক'জৰ স্বত্বাধিকাৰী মিণ্টু বৰ্মন৷ জব্দ হোৱা ড্ৰাগছসমূহৰ ভিতৰত আছে Spacorevon Plus টেবলেটৰ ৯০টা পেকেট, Nitrovon Plus টেবলেটৰ ৯০টা পেকেট, Peevon Plus টেবলেট ৭২টা পেকেট আৰু বহু পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল৷

উল্লেখযোগ্য পূৰ্বৰে পৰা এইখন মেডিক'জত অবৈধভাৱে ড্ৰাগছৰ বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।