বৰপেটা: যোৱা ১৮ জুনৰ নিশা বৰপেটা চহৰত ৬ গৰাকী সংখ্যালঘু যুৱকক কেইগৰাকী মান যুৱকে ভাবুকি প্ৰদানেৰে বিভিন্ন বিতৰ্কিত মন্তব্য দিবলৈ হেচা প্ৰয়োগ কৰা কাৰ্যৰ সৈতে জড়িত মূল অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি তথা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে। এক সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক কাজি নাজিমুল হকে জনায় যে সংখ্যালঘু নিৰীহ যুৱকক মাৰ ধৰ কৰি ভাবুকি প্ৰদানেৰে বিভিন্ন বিতৰ্কিতমূলক ধ্বনি দিবলৈ হেচা প্ৰয়োগ কৰাতো গৰিহণাৰ যোগ্য।
এই কাৰ্যৰ জৰিয়তে অশান্তিৰ বীজ ৰোপণ কৰাৰ বাবে দুষ্ট চক্ৰটোৱে অপচেষ্টা চলোৱা বুলি তেওঁ উল্লেখ কৰে। শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সকলো অপশক্তিৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ বাবে চৰকাৰক আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে। সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু পালহাজি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ছাবুৰ উদ্দিন উপস্থিত থাকে।