06/23/2019 - 12:33
in
ধুবুৰীঃ ব্ৰহ্মপুত্ৰৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াত শ শ বিঘা মাটি পানীৰ তলত। বিগত কেইদিনমান পূৰ্বেৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীত দিনক দিনে বাঢ়নি পানীৰ ফলত স্থানীয় ৰাইজৰ কাল গৰাখনীয়াৰ চিন্তাত নিদ্ৰাহৰণ হৈছে।
এই ভয়ংকৰ গৰাখহনীয়াৰ দৃশ্যই আপোনাৰো চকু কপালত উঠাব। এয়া হৈছে ধুবুৰীৰ চহৰৰ অন্তৰ্গত ভাসানীৰ চৰ গাঁও পঞ্চায়তৰ এলাকা অয়ৰান জংলা ২ খণ্ড চৰৰ দৃশ্য। অতি পৰিতাপৰ বিষয় যে, চৰাঞ্চলৰ ৰাইজৰ বিঘাই বিঘাই মাটিয়েই হৈছে জীয়াই থকাৰ আচল সম্পদ।
অতি দাৰিদ্ৰ্যৰ মাজেৰে বসবাস কৰা চৰাঞ্চলৰ ৰাইজে এই নিজৰ নিজৰ মাটিৰ ওপৰত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন খেতি কৰি প্ৰতিটো দুখীয়া পৰিয়ালে কোনো মতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰি আছে। এতিয়া প্ৰশ্ন হয় এই মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ বলি হোৱা লোকসকললৈ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ দৃষ্টি পৰিবনে?