ধুবুৰীঃ ধুবুৰীৰ শালকোচাৰ পৰা সন্ধানহীন হৈ পৰিছে ৩০ বছৰীয়া আনোৱাৰ হুছেইন নামৰ এজন যুৱক। SBI শালকোচা শাখাত ঋণ সম্বন্ধীয় আলোচনাৰ বাবে শুকুৰবাৰে পুৱা দহটা মান বজাত ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। শালকোচাৰ হাৰকাটা চকচকা গাঁৱৰ যুৱকজনে বেংকটোলৈ যোৱাৰে পৰা সন্ধানহীন হৈ পৰে। যুৱকজনক কোনোবাই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। পেছাত তেওঁ ৰাজমিস্ত্ৰী। যোৱা শুকুৰবাৰে পুৱা প্ৰায় দহ বজাত ঋণ সম্বন্ধীয় তথ্য জানিবৰ বাবে শালকোচা SBI শাখালৈ ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন।
আত্মীয় স্বজনৰ ঘৰত খা-খবৰ কৰিও কোনো সন্ধান পোৱা নাই যুৱকজনৰ। পৰিয়ালৰ লোকৰ মতে কিছুদিন ধৰি ওচৰ চুবুৰীয়া লোক এজনৰ সৈতে কাজিয়া চলি আহিছে আনোৱাৰ হুছেইনৰ। গতিকে আনোৱাৰ হুছেইনক অপহৰণ কৰি নিয়াৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। শনিবাৰে সন্ধিয়া ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটিয়ে শালকোচা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। এটি কনমানি কন্যা সন্তানৰ পিতৃ আনোৱাৰ হুছেইনৰ কোনো সন্ধান নোপোৱাত পৰিয়ালটোত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ। কোনো সদাশয় ব্যক্তিয়ে আনোৱাৰ হুচেইনৰ সন্ধান পালে 7002095733 অথবা 7397422094 মোবাইল নম্বৰত ফোন কৰিবলৈ নাইবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ দুৰ্ভগীয়া পৰিয়ালটিয়ে অনুৰোধ জনাইছে।