কংগ্ৰেছৰ ৫টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

 03/16/2019 - 11:57

ডিজিটেল ডেস্ক: আগন্ত্তক লোকসভা নিৰ্বাচনৰ বাবে এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে। ১৮ জনীয়া এই প্ৰাৰ্থী তালিকাত অসমৰ ৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। যোৰহাটৰ প্ৰাৰ্থী হিচাপে সুশান্ত বৰগোঁহাইক নিযুক্ত প্ৰদান কৰা হৈছে।

ডিব্ৰুগড়ৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ। কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব স্বৰুপ দাস। শিলচৰত সুস্মিতা দেৱ কলিয়াবৰত গৌৰৱ গগৈৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে।

তাৰ উপৰি মেঘালয়ৰ ২খন আসনৰ প্ৰাৰ্থীৰ নাম আৰু ছিকিমৰ এখন আসনৰ লগতে তেলেংগানাৰ ৮খন আসন,নাগালেণ্ডৰ ১খন আসন আৰু উত্তৰ প্ৰদেশৰো এখন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।