বিশ্বকাপৰ বা-বতৰা

 06/23/2019 - 14:10

ডিজিটেল ডেস্কঃ শনিবাৰে ছাউথেম্পটনৰ দ্য ৰ'জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ ২৮ সংখ্যক মেচত আফগানিস্তানৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় ভাৰতৰ। টচত জিকি পোনতে বেট ধৰা ভাৰতে ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ২২৪ ৰান কৰে। ভাৰতৰ ২২৪ ৰানৰ লক্ষ্যৰ পিছা কৰি ২১৩ ৰানত ১ টা বল বাকী থকা অৱস্থাতে ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱায় আফগানিস্তানে। শ্বাসৰুদ্ধকাৰী খেলখনত ১১ ৰানৰ ব্যৱধানত জয়ী হয় ভাৰত। ভাৰতৰ যশপ্ৰীত বুমৰাহে ১০ অভাৰত ৩৯ ৰান দি ২ উইকেট দখল কৰি মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে।

আনহাতে মানচেষ্টাৰৰ অল্ড ট্ৰেফ'ৰ্ড ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হোৱা ২৯ সংখ্যক মেচত নিউজিলেণ্ডে পৰাস্ত কৰে ৱেষ্ট ইণ্ডিজক। প্ৰথমে বেট ধৰি নিউজিলেণ্ডে ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৯১ ৰান কৰিবলৈ সক্ষম হয়। তাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে ৪৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৮৬ ৰান। মাত্ৰ ৫ ৰানৰ ব্যৱধানত জয়ী হয় নিউজিলেণ্ড। কালিৰ দুয়োখন খেলেই আছিল অতি ৰোমাঞ্চকৰ তথা শ্বাসৰুদ্ধকাৰী। নিউজিলেণ্ড দলৰ অধিনায়ক কেন উইলিয়ামছনে ১৫৪ বলত ১৪৮ ৰান কৰি মেন অৱ দ্য মেচ হয়।

আজি বিশ্বকাপ ক্ৰিকেটৰ ৩০ সংখ্যক মেচ বিয়লি ৩ বজাৰ লণ্ডনৰ লৰ্ডছ খেলপথাৰত পাকিস্তান আৰু ছাউথ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।