নামতি বিদ্যুৎ উপকেন্দ্ৰ আৰু নামতি থানা ঘেৰাও প্ৰতিবাদকাৰী জনতাৰ

 06/23/2019 - 15:09

আমগুৰিঃ নামতিত নিশা উত্তেজনাময় পৰিস্থিতি। নামতি বিদ্যুৎ উপকেন্দ্ৰ আৰু নামতি থানা ঘেৰাও শতাধিক প্ৰতিবাদকাৰী ৰাইজৰ। নামতি বিদ্যুৎ উপকেন্দ্ৰ অস্থায়ী কৰ্মচাৰী দিগন্ত বৰাৰ বিদ্যুৎস্পৃষ্ট হৈ হোৱা মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদকাৰী ৰাইজে নামতি বিদ্যুৎ উপকেন্দ্ৰ ঘেৰাও কৰে।

বিদ্যুৎ বিভাগ মুৰ্দাবাদ, অসম পুলিচ হায় হায়, এএচইবি মুৰ্দাবাদ, আমাক ন্যায় লাগিবই শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে দিগন্ত বৰাৰ মৃতদেহ বিদ্যুৎ উপকেন্দ্ৰৰ কাৰ্যালয়ৰ ভিতৰত ৰাখি ২০ লাখ ক্ষতিপূৰণ আৰু দোষীক তৎকালীনভাৱে নিলম্বনৰ দাবী কৰে।

প্ৰতিবাদস্থলীত নাজিৰা ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত আৰক্ষীৰ অধীক্ষক উপস্থিত হৈ ঘটনাৰ তৎকালীন তদন্ত কৰি দোষীক শাস্তিৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰাত প্ৰতিবাদ সাময়িকভাৱে উঠায় লয়। স্মৰ্তব্য যে শুক্ৰবাৰে নামতি ষ্টেছনৰ সমীপত বৈদ্যুতিক খুটাত উঠি বিদ্যু্ৎ ব্যৱস্থা মেৰামতি কৰি থাকোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে।নামতি বিদ্যুৎ উপকেন্দ্ৰৰ কৰ্মচাৰীৰ ভুলৰ কাৰণেই সংঘটিত এই ঘটনাৰ পিছতে উত্তেজিত হৈ উঠিছিল স্থানীয় লোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।