বিশ্বকাপ ক্ৰিকেটত হেট্ৰিকৰ ইতিহাস

 06/23/2019 - 15:57

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ শনিবাৰৰ ২৮ সংখ্যক মেচত ভাৰতে ১১ ৰানত পৰাস্ত কৰে আফগানিস্তানক। অতি ৰোমাঞ্চকৰ খেলখনত সৰ্বাধিক চৰ্চিত হয় ভাৰতীয় দলৰ মহম্মদ ছামী। অন্তিম অভাৰত বলিং কৰিবলৈ অহা মহম্মদ ছামীয়ে তৃতীয় বলত মহম্মদ নৱী, চতুৰ্থ বলত আফতাব আলম আৰু পঞ্চম বলত মুজিব-উৰ-ৰহমানৰ ক্ৰমাগত ভাৱে হেট্ৰিকসহ উইকেট দখল কৰি ১১ ৰানত জয়ী কৰোৱায় ভাৰতীয় দলক। মহম্মদ ছামী হৈছে বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ হেট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী দ্ৰুতবেগী বলাৰ। বিশ্বকাপৰ ইতিহাসত হেট্ৰিকেৰে ভাৰতে দ্বিতীয়বাৰৰ বাবে ৰচিলে ইতিহাস।

 

ইয়াৰ পূৰ্বে ১৯৮৭ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলৰ চেতন শৰ্মাই নিউজিলেণ্ডৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰি বিশ্বকাপ ক্ৰিকেট ইতিহাসত ভাৰতৰ লগতে বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিছিল। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত বৰ্তমানলৈকে হেট্ৰিক অৰ্জনকাৰীৰ তালিকা দিয়া হ’ল-

               নাম দল চন

১) চেতন শৰ্মা(ভাৰত) নিউজিলেণ্ড  ১৯৮৭

২) ছাকলীন মুস্তাক(পাকিস্তান) জিম্বাবুৱে  ১৯৯৯

৩)চামিন্দা ভাছ(শ্ৰীলংকা)  বাংলাদেশ  ২০০৩

৪)ব্ৰেট লী(অষ্ট্ৰেলিয়া)  কেনিয়া  ২০০৩

৫)লাচিথ মালিংগা(শ্ৰীলংকা)  ছাউথ আফ্ৰিকা  ২০০৭

৬)কেমা ৰউচ্চ(ৱেষ্ট ইণ্ডিজ)  নেডাৰলেণ্ড  ২০১১

৭)লাচিথ মালিংগা(শ্ৰীলংকা)  কেনিয়া  ২০১১

৮)ষ্টিফেন ফিন(ইংলেণ্ড)  অষ্ট্ৰেলিয়া  ২০১৫

৯)জে.পি ডুমিনি(ছাউথ আফ্ৰিকা)  শ্ৰীলংকা  ২০১৫

১০) মহম্মদ ছামী(ভাৰত)  আফগানিস্তান  ২০১৯

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।