কাৰ্বি পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত

 06/23/2019 - 17:10

কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ ৬৮তম্ প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে উদযাপন কৰা হয়। পোন প্ৰথমবাৰৰ বাবে পশ্চিম কাৰ্বি আংলঙত অনুস্থিত হৈছে এই প্ৰতিষ্ঠা দিৱস। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ লগতে উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকল।

কাৰ্বি পৰিষদৰ উপাধ্যক্ষ ৰিতেছ ইংহিয়ে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে৷ অনুষ্ঠানৰ সমান্তৰালকৈ জিলাখনৰ পুৰোধা ব্যক্তি ছেমছন ছিং ইংতি, খৰছিং তেৰাঙৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণৰ লগতে বন্তি প্ৰজ্বলন কৰে৷

পূৰ্বে প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষ ডংকামোকামত নিৰ্মাণ কৰি উলিওৱা পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্ৰ অত্যাধুনিক সা-সুবিধাযুক্ত ৱাইছং ষ্টেডিয়ামটো শুভ-উদ্বোধন কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।